কলা বিথিকা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ললিত কলা শাখাই ক্ষেত্ৰখনত থকা জাতি-জনগোষ্ঠীৰ বিভিন্ন প্ৰতিভাৰ সংস্কৰণ ঘটায় । ২০০২ চনৰ চেপ্টেম্বৰ মাহত উদ্ধোধন হোৱা ললিত কলা ভৱনত থকা কলা বিথিকাত সময়ে সময়ে চিত্ৰ-কলা প্ৰদৰ্শনী আয়োজন কৰা হয় । এই বিথিকা ৰাজ্যৰ বহুতো বিশিষ্ট আৰু প্ৰখ্যাত শিল্পী সকলে নিজৰ কাৰুকলাৰ প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায় । এই কলা বিথিকা সকলো কলা-কুশলী তথা শিল্পী সকলৰ প্ৰতিভা আৰু কাৰ্য প্ৰদৰ্শনৰ বাবে আৰক্ষণৰ জৰিয়তে দিয়াৰ সুব্যৱস্থা আছে ।

স্থান আৰক্ষণ ব্যৱস্থা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বিভিন্ন দল সংগঠন, সাংস্কৃতিক বা শৈক্ষিক কাৰ্যকলাপ, কৰ্মশালা, গোষ্ঠী, সন্মিলন আদিৰ বাবে প্ৰয়োজন সাপেক্ষে কলাক্ষেত্ৰ প্ৰাংগনত থকা স্হান অথবা প্ৰেক্ষাগৃহ আৰক্ষণৰ ব্যৱস্থা ৰাখিছে ।