শব্দ সঞ্চয়ন কেন্দ্ৰ

অসমৰ লোক সংস্কৃতি পৰম্পৰাগত গীত মাত, আধুনিক গীত আদিৰ বাণী-বন্ধন, প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজত অত্যাধুনিক সুবিধাৰে সম্পন্ন এটি বাণী বন্ধন কেন্দ্ৰ আছে ।
অতি আধুনিক কাৰিকৰী প্ৰযুক্তিৰে সংযুক্ত সম্পূৰ্ণ শেহতীয়া পদ্ধতিৰ এই বাণী বন্ধন কেন্দ্ৰ সংস্কৃতি প্ৰেমী ৰাইজ, সংগীত সাধক, গীতিকাৰ, সংগীত পৰিচালক, শিল্পী আৰু সাংস্কৃতিক দল সংগঠন সমূহৰ বাবে আৰক্ষণ প্ৰণালীৰে ব্যৱহাৰৰ বাবে সদায় মুকলি ।

স্থান আৰক্ষণ ব্যৱস্থা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বিভিন্ন দল সংগঠন, সাংস্কৃতিক বা শৈক্ষিক কাৰ্যকলাপ, কৰ্মশালা, গোষ্ঠী, সন্মিলন আদিৰ বাবে প্ৰয়োজন সাপেক্ষে কলাক্ষেত্ৰ প্ৰাংগনত থকা স্হান অথবা প্ৰেক্ষাগৃহ আৰক্ষণৰ ব্যৱস্থা ৰাখিছে ।