ৰংঘৰ বাকৰি মঞ্চ

ৰংঘৰৰ বাকৰিত অৱস্থিত এই মুকলি স্থানৰ লগত সংলগ্ন আছে এটি মঞ্চ । এই স্থান মুকলি কাৰ্যক্ৰম যেনে উত্সৱ, মেলা, মুক্তাংগন আদিৰ বাবে উপযোগী ।

মুকলি মঞ্চ

২০০০ তকৈ অধিক দৰ্শকে উপভোগ কৰিব পৰাকৈ এই মুকলি মঞ্চত বিভিন্ন লোক সাংস্কৃতিক কলা-কৃষ্টি, নাটক, পৰম্পৰাগত গীত-মাত, শাস্ত্ৰীয় সংগীত পৰিবেশন অনুষ্ঠানৰ বাবে নিৰ্মিত । মুকলি আকাশৰ তলত থকা মঞ্চসজ্জা আৰু দৰ্শক উপস্থিতি ব্যৱস্থাপনাই এক অভূতপূৰ্ব পৰিবেশ সৃষ্টি কৰে ।

স্থান আৰক্ষণ ব্যৱস্থা

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বিভিন্ন দল সংগঠন, সাংস্কৃতিক বা শৈক্ষিক কাৰ্যকলাপ, কৰ্মশালা, গোষ্ঠী, সন্মিলন আদিৰ বাবে প্ৰয়োজন সাপেক্ষে কলাক্ষেত্ৰ প্ৰাংগনত থকা স্হান অথবা প্ৰেক্ষাগৃহ আৰক্ষণৰ ব্যৱস্থা ৰাখিছে ।