অধ্যয়ন কেন্দ্ৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামেৰে নামাঙ্কিত এই অধ্যয়ন কেন্দ্ৰত শংকৰ গুৰুজনাৰ বিদ্যাতনিক দিশৰ বিভিন্ন পৰিষৰ সামৰি অধ্যয়নৰ সু-ব্যৱস্থা কৰা হৈছে । এই কেন্দ্ৰই শ্ৰীমন্ত শংকৰদেৱৰ অৰিহনা যুক্ত সাহিত্য, নৃত্য, নাট-ভাওনা, সংগীত, চিত্ৰকলা আৰু সংপৃক্ত বিভিন্ন দিশৰ উপৰত অধ্যয়ন আৰু গৱেষণাৰ ব্যৱস্থা কৰিছে । এই কেন্দ্ৰটি ইংৰাজী ০১ মাৰ্চ ২০১৬ তাৰিখে শুভউদ্বোধন কৰা হয় । বৰ্তমানে ইয়াত বিভিন্ন গুৰুত্বপূ্ৰ্ণ পুথি, প্ৰাচীন পাণ্ডুলিপি আৰু গৱেষণা গ্ৰন্থ আদি আছে । কলাক্ষেত্ৰ সমাজে এই কেন্দ্ৰৰ জৰিয়তে পৰিবেশ্য কলাৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ মনস্থ কৰিছে ।